মুখ্য পৃষ্ঠা
06/04/25
14:45
•দুখৰ উশাহেৰে•
(এক)
দূৰতে দেখিলো ফাগুনৰ ৰাঙলী ৰিহা
ওচৰ নৌ পাওঁতেই বুজিলো
সেয়া জুই একুৰা |
ফাগুনক নুসুধিলো ,
ৰঙা সাজ জোৰ কাৰ বাবে পিন্ধিচা ?
(দুই)
চোতালত উৰিছে কমোৱা তুলা
বাৰিত ফুলিলে পলাশ
পদূলি মুৰত মদাৰ জোপাক
নক'লো বুকুৰ বেথা |
সি যে নিজেই ধুনীয়া
নুবুজে দুখৰ ভাষা|
(তিনি)
ভাগি পৰা খোপাটো বান্ধি লৈ
মলয়াক তুমি চুই চাবা |
ওৰণী তলেৰে গুলপীয়া দুগালত
পৰশ গুপনে আঁকি ল'বা
শিৰত সেন্দুৰ লৈ ফাগুনৰ জুই নাচাবা |
সেউজীয়া আঁচল উৰি গ'লে
তুমি কেনেকৈ থাকিবা
(চাৰি)
এইয়া চোন ফাগুন
এদিনৰ তোমাৰ মোৰ আপোন
শুকান পাতৰ দৰে হিয়াৰ আৰ্তনাদ
নাভাঙিবা আৰু এই ব্যৰ্থ কবিৰ সপোন |
(যদিওঁ নহয় মই কবি)
(পাঁচ)
উদং বুকু খনত এমুঠি ৰং সানি
ফাগুন উলটি যাব
বৰদৈচিলালৈ আৰু অপেক্ষা নকৰো
বসন্তলৈ জী থাকো বা নাথাকো !
____ৰাজু